“মানৱতাৰ অনুসন্ধান কৰাৰ কাৰণে আমি সকলো মিলিজুলি কামটো কৰিব লাগিব অন্যথা আমি সকলো শেষ হৈ যাম ৷”- মহাত্মা গান্ধী,

জ্ঞানীবান মানুহ দেৱতুল্য, যাৰ ওচৰত অহংকাৰ নাই, মই বৰ ভাবনা নাই,সকলোকে সমানে চায়, দুখীয়াৰ দুখ নিবাৰণ কৰে, বিপথে যোৱাজনক সৎ পথে আনে৷ জ্ঞানীৱান মানুহে কেতিয়াও কাৰো অন্তৰত দুখ দিব নিবিছাৰে৷
আৰু
যোগ্যৱান ব্যক্তি বা নাৰী সকলো দিশতই আগবঢ়া হয়৷
যোগ্যৱান ব্যক্তি বিশেষে সকলো দিশতেই ভাল হৈ থকাৰ চেষ্টাত থাকে৷ তেওঁ কেৱল কৰ্মত যোগ্যতা অৰ্জন কৰিবলৈ চায়৷
সেই গতিকে গণতান্ত্ৰিক শাসন ব্যৱস্থাত উপযুক্ত প্ৰাৰ্থীকহে জয় যুক্ত কৰিব লাগে৷ আমি সকলোৱে দল মত নিৰ্বিশেষে কেৱল মাথোঁ উপযুক্তজনক বিচাৰি নিজৰ বহুমূলীয়া ভোট প্ৰদান কৰিব লাগে৷
মানৱতাৰ অনুসন্ধান তেতিয়াহে সফল হ’ব যেতিয়া উপযুক্ত জনে শাসনৰ দায়িত্ব পাব৷