অসমীয়া জাতীয়তাবাদ

অসমীয়া জাতীয়তাবাদ বুলিলে আমি ইয়াকে বুজি পাওঁ যে দল- মত নিৰ্বিশেষে সকলোৱে একলগ হৈ নিৰ্দিষ্ট আদৰ্শত বিশ্বাস কৰা৷ অসমত বাসকৰা সকলো সম্প্ৰদায়, সকলো ভাষিক লোক আৰু সকলো জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে একেখন মঞ্চত থিয় দিয়া৷ অসমীয়া জাতিটো সৰল আৰু উদাৰ৷ সেয়েহে ইয়াত সকলোৱে নিজ ইচ্ছা মতে বৰ আন্তৰিকতাৰে বসবাস কৰে৷ অসমীয়া জাতিটো এটা আদৰ্শ জাতি য’ত  শান্তি আৰু সমপ্ৰীতি মূল লক্ষ্য৷ দল, মত  ভাষা-সাহিত্য, ধৰ্ম, বৰ্ণ সকলোৱে এক লগ হৈ সমস্বৰে অসমী আইৰ জয় গান গায় CAA বিৰুদ্ধাচৰণ কৰি ঐতিহাসিক সন্ধিক্ষণতো যুগমীয়া কৰা উচিত৷ যাতে কোনো অপশক্তিয়ে অসম আৰু আসমীয়া শান্তি আৰু সমপ্ৰীতি বিনষ্ট কৰিব নোৱাৰে৷ ৰাষ্ট্ৰই জাপি দিব বিচৰা জাতি- ধংসী আইনখন কোনো কাৰণত আমি মানি নলওঁ৷ এই জাতি-ধংসী আইন যাতে অসমত প্ৰয়োগ কৰিব নোৱাৰে তাৰ বাবে অসমবাসী সদায় সচেতন৷ অসমীয়া জাতিৰ সৰলতা হুজুগ কোনো কাৰণত যাতে অপব্যৱহাৰ নহয়৷ অসমীয়া জাতিৰ এই সমন্বয় আৰু আই প্ৰতি থকা নিজৰ দায়িত্ব সকলোৱে জ্ঞাত৷ অসম আৰু অসমীয়া ক্ষতিকাৰক কোনো কাম কৰিবলৈ দিয়া নহ’ব৷ আমাৰ স্বাভিমান আৰু স্বজাতি সদায় অক্ষুণ্ণ থাকিব৷ আই অসমী জয় নিশ্চিত৷ জয় আই অসম৷

Published by mahanta gogoi

I am a simple man & simplicity is my Life.

Leave a comment

Design a site like this with WordPress.com
Get started