সপোন সদায় সপোন হৈ থাকিব…

“বিজয় সদায় ধৈৰ্য্য আৰু অধ্যৱসায় পক্ষত” – নেপোলিয়ন ব’নাপাৰ্ট

সমস্ত বিশ্ব ব্ৰক্ষাণ্ডত কোনো বস্তুৰ অভাৱ নাই, সৃষ্টিশীল বিশ্বত সকলো পোৱা যায়, মাথোঁ বিচাৰিব জানিলেই হ’ল৷ আমি সকলোৱে নিজ নিজ সপোনক লৈ ব্যস্ত থাকো৷ সপোন সৃষ্টি হয় আমাৰ অৱচেতন মনত, যি মনে অবিৰাম কৰ্মৰত কেৱল মাথোঁ আমাৰ আশাবোৰ পূৰাবলৈ৷ মানুহ সদায় পৰিস্থিতিৰ দাস৷ পৰিৱেশ পৰিস্থিতি গঢ়ি তুলিব লাগিব আমিবোৰে৷ যেতিয়া আমাৰ চৌপাশৰ পৰিবেশ শান্ত হয়, তেতিয়া আমাৰ মন আৰু মগজু ধীৰ- স্থিৰ হয়৷ সুস্থ পৰিৱেশ সৃষ্টি কৰিবলৈ সুস্থ মনৰ অধিকাৰী হোৱাতো প্ৰয়োজন৷ মানুহ যদি সজাগ আৰু সচেতন হয় সুখ শান্তি নিশ্চিত৷ সমাজত এনে বহু মানুহ আছে যি গোটেই জীৱনটো কেৱল সপোন পূৰণ কৰিবলৈ কষ্টকৰ জীৱন কটাই৷ কিন্তু আমাৰ সমাজত কিমান জনে নিজৰ সপোন পূৰণ কৰিব পাৰিছে৷ কাৰণ সপোনৰ শেষ নাই৷ সেয়েহে আমি আমাৰ অৱচেতন মনক নিৰ্দিষ্ট কামতহে প্ৰয়োগ কৰিব লাগে৷ যদি আমি আমাৰ অৱচেতন মনক নিয়ন্ত্ৰণ কৰাৰ কৌশলবোৰ জানো তেতিয়া আমাৰ সপোনবোৰ অতি সোনকালে পূৰণ হ’ব৷ অৱচেতন মনৰ মূল খাদ্য হ’ল সুচিন্তা, সুবিচাৰ আৰু সুপৰামৰ্শ৷ আমাৰ বিবেকক এনবোৰ খাদ্য যোগান ধৰিলে নিশ্চয় আমাৰো সপোন বাস্তৱত পৰিণত হ’ব৷ উন্নতি কৰিম বুলি ভবা মানুহ সদায় ধীৰ- স্থিৰ হ’ব লাগে৷ “গহীনালি খঙৰ বাধক”এতেকে মানুহ যদি গহীন হয় তেতিয়াই মানুহ ধীৰ-স্থিৰ হৈ যায় আৰু ধীৰ-স্থিৰ মানুহক কোনেও একো কৰিব নোৱাৰে৷ সত্যৰ সদায় জয়’ গতকে ধীৰ-স্থিৰ মানুহক সহজতে চেৰ পেলাব পৰা ব্যক্তি এই পৃথিৱীত নাই৷ সেয়েহ আমি সপোন পূৰণ কৰিব বিচাৰিলে উপৰোক্ত কিছু নিয়ম মানিব লাগিব৷ নহ’লে সপোন সদায় সপোন হৈ থাকিব৷

Published by mahanta gogoi

I am a simple man & simplicity is my Life.

Leave a comment

Design a site like this with WordPress.com
Get started