মানৱতাই যদি মানুহৰ মনক নেতৃত্ব কৰে তেতিয়াই সৃষ্টি হ’ব মানৱ মনৰ মানৱ সৈনিক৷ মানৱ মনৰ সৈনিক আৰ্বিভাৱে কৰিব নতুনত্ব, য’ত থাকিব মাত্ৰ কল্পনা শক্তিৰ নতুন প্ৰহৰী৷ কল্পনা হ’ল এটা সুন্দৰ মনৰ সুন্দৰ অনুভূতি৷ সেই অনুভূতিতেই লুকাই আছে জীৱনৰ সকলো নতুন আৰ্বিভাৱ৷ মানৱতাই সৃষ্টি কৰিব নতুন নতুন ভাল প্ৰজন্মৰ ৷ ঘৰে- ঘৰে চুকে-কোনে,দেশে-বিদেশে মানৱতাৰ ওপৰত অনুসন্ধান চলিব৷ এই মাত্ৰ কল্পনায়েই নহয় সৃজনশীল মনৰ অন্তৰাত্মাৰ হৃদয়ৰ স্বৰ৷ ব্ৰক্ষাণ্ডত মানুহ মাত্ৰ দুটা শক্তিৰ ওপৰত নিৰ্ভৰশীল৷ প্ৰথম কল্পনা শক্তি আৰু দ্বিতীয়টো চিন্তা শক্তি৷ ‘কল্পনা জাগে, চিন্তাই কাম কৰে’৷ কল্পনা হ’ল দূৰদৰ্শিতাৰ ভঁৰাল স্বৰূপ৷ কল্পনাই যেতিয়া পৰিকল্পনাৰ স্থানত উপনীত হয় তেতিয়াই কল্পনাক বাস্তৱত ৰূপান্তৰিত কৰি তাৰ নতুনত্বৰ আৱিষ্কাৰ হৈ সমাজত মানুহৰ মানসিক জ্ঞানৰ সঞ্চাৰ কৰে আৰু এটাৰ পাচত এটা মানৱতাৰ ওপৰত অনুসন্ধান বাঢ়ি যায়৷
যি ব্যক্তিয়ে কল্পনা শক্তিক জগাই তুলি অদম্য শক্তিৰে জীৱনভৰ, জীৱনক যদি ওকালতি কৰে তেতিয়াই সফলতা আহি দুৱাৰডলিত থিয় হৈ দৰৱাজ খট-খটাই থাকিব৷ যদি তুমি তেতিয়াই সেই খট-খটৰ শব্দ শুনি আবেগিকভাৱে কৰ্মত লাগি যোৱা তেতিয়া লাভ কৰিবা মনোৰাজ্যৰ সকলো সম্পদ৷ অৰ্থাৎ তুমি যি বিচৰা তাকেই পাবা৷ তুমি অতীতক কল্পনা কৰি সময় নষ্ট নকৰিবা, মাত্ৰ ভৱিষ্যতৰ কল্পনা কৰা যাতে নতুন প্ৰজন্মৰ সৃষ্টি হওক মানৱতাৰ কাৰণে৷
যিয়েই স্বপ্ন দেখে বা কল্পনা কৰে তেওঁ কৰ্মত প্ৰবৃত্ত হয় আৰু শ্ৰেষ্ঠ উপহাৰ কৰে ঠিক যেনেকৈ সাগৰলৈ চায় থাকোতে sir C.V Romanৰ মনত কল্পনা হ’ল সাগৰৰ বৰণ নীলা কিয়? সেই কল্পনাৰ প্ৰশ্নৰ উত্তৰ বিচাৰোতে জন্ম হ’ল- ৰমন এফেক্টৰ৷ এলবাৰ্ট আইনষ্টাইনৰ মগজুত হাহাকাৰ সৃষ্টি কৰা বিশ্বব্ৰহ্মাণ্ডৰ গতি প্ৰকৃতিৰ সম্পৰ্কে৷ কিছু প্ৰশ্ন উদয় হৈছিল৷ সেই প্ৰশ্নৰ সমাধান বিচাৰোতে তেওঁৰ বিখ্যাত সমীকৰণ E=mc2 লাভ কৰে৷ সেই সমীকৰণৰ ভিত্তিতেই মহান বিজ্ঞানীসকলে আনবিক পদাৰ্থ ব্যৱহাৰ কৰি মানৱ জাতিৰ বাবে বিদ্যুত (Electricity) উদ্ভাৱন কৰিলে৷ এইদৰে কিমান যে মহান বিজ্ঞানীয়ে নিজৰ কল্পনা শক্তি জাগ্ৰিত কৰি গভীৰ চিন্তনৰ দ্বাৰা পৃথিৱীত নতুন নতুন বস্তু আৱিষ্কাৰ কৰি নাম ৰাখি গৈছে৷ ঠিক সেইদৰে সকলো ব্যক্তি বিশেষে যিকোনো এটা প্ৰকাৰে হ’লেও নিজৰ নাম বিৰল কৰি যাব পাৰে যদিহে সঠিক কল্পনা শক্তি জাগ্ৰিত কৰি সকলো কৰ্ম কৰিব পাৰে৷
লেখক – লক্ষীৰাম নেওগ৷