পৰিৱৰ্তন

“পৰিৱৰ্তন”সুন্দৰ স্বৰৰ সুন্দৰ শব্দ, শুনি ভাল লগা,সপোন জগাই তোলা এটি শব্দ৷ কিন্তু ৰাজনৈতিক দলবোৰে “পৰিৱৰ্তন”ৰ অৰ্থ সলনি কৰি দিব বিচাৰিছে৷ এই শব্দটো শুনিলে আৰু সপোন সপোন নলগা হৈছে৷ ৰাজনৈতিক নেতাসকলৰ মূখত আখৈফুটা দি ফুটা কিছুমান শব্দৰ অৰ্থহে সলনি হৈছে কিন্তু নেতাৰ চৰিত্ৰ সলনি হোৱা নাই৷ সচাকৈয়ে ৰাইজে পৰিৱৰ্তন বিচাৰিছে৷ যি পৰিৱৰ্তনে ৰাইজৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি নকৰে, ৰুগীয়াসকলৰ ঔষধৰ দাম বৃদ্ধি নকৰে, বিজুলীৰ দাম নাবাঢ়ে, শিক্ষা আৰু স্বাস্থ্যৰ ৰাইজৰ বাবে যাতে বিনামূলীয়া হয়, নিবনুৱাৰ সুব্যৱস্থা হয়, কৃষকে ফচলৰ উচিত মূল্য পায় ইত্যাদি৷ এই সকলো সমাধান কৰিব পৰা এক নতুন ৰাজনৈতিক বিকল্প আজিৰ ৰাইজৰ দাবী৷  কেৱল পৰিৱৰ্তনৰ শ্ল’গানৰ গুৱা ৰাজনৈতিক দল আৰু ৰাইজে নিবিচাৰে৷

Published by mahanta gogoi

I am a simple man & simplicity is my Life.

Leave a comment

Design a site like this with WordPress.com
Get started