কল্পনা শক্তি

মানৱতাই যদি মানুহৰ মনক নেতৃত্ব কৰে তেতিয়াই সৃষ্টি হ’ব মানৱ মনৰ মানৱ সৈনিক৷ মানৱ মনৰ সৈনিক আৰ্বিভাৱে কৰিব নতুনত্ব, য’ত থাকিব মাত্ৰ কল্পনা শক্তিৰ নতুন প্ৰহৰী৷ কল্পনা হ’ল এটা সুন্দৰ মনৰ সুন্দৰ অনুভূতি৷ সেই অনুভূতিতেই লুকাই আছে জীৱনৰ সকলো নতুন আৰ্বিভাৱ৷ মানৱতাই সৃষ্টি কৰিব নতুন নতুন ভাল প্ৰজন্মৰ ৷ ঘৰে- ঘৰে চুকে-কোনে,দেশে-বিদেশে মানৱতাৰ ওপৰত অনুসন্ধান চলিব৷ এই মাত্ৰ কল্পনায়েই নহয় সৃজনশীল মনৰ অন্তৰাত্মাৰ হৃদয়ৰ স্বৰ৷ ব্ৰক্ষাণ্ডত মানুহ মাত্ৰ দুটা শক্তিৰ ওপৰত নিৰ্ভৰশীল৷ প্ৰথম কল্পনা শক্তি আৰু দ্বিতীয়টো চিন্তা শক্তি৷ ‘কল্পনা জাগে, চিন্তাই কাম কৰে’৷ কল্পনা হ’ল দূৰদৰ্শিতাৰ ভঁৰাল স্বৰূপ৷ কল্পনাই যেতিয়া পৰিকল্পনাৰ স্থানত উপনীত হয় তেতিয়াই কল্পনাক বাস্তৱত ৰূপান্তৰিত কৰি তাৰ নতুনত্বৰ আৱিষ্কাৰ হৈ সমাজত মানুহৰ মানসিক জ্ঞানৰ সঞ্চাৰ কৰে আৰু এটাৰ পাচত এটা মানৱতাৰ ওপৰত অনুসন্ধান বাঢ়ি যায়৷

যি ব্যক্তিয়ে কল্পনা শক্তিক জগাই তুলি অদম্য শক্তিৰে জীৱনভৰ, জীৱনক যদি ওকালতি কৰে তেতিয়াই সফলতা আহি দুৱাৰডলিত থিয় হৈ দৰৱাজ খট-খটাই থাকিব৷ যদি তুমি তেতিয়াই সেই খট-খটৰ শব্দ শুনি আবেগিকভাৱে কৰ্মত লাগি যোৱা তেতিয়া লাভ কৰিবা মনোৰাজ্যৰ সকলো সম্পদ৷ অৰ্থাৎ তুমি যি বিচৰা তাকেই পাবা৷ তুমি অতীতক কল্পনা কৰি সময় নষ্ট নকৰিবা, মাত্ৰ ভৱিষ্যতৰ কল্পনা কৰা যাতে নতুন প্ৰজন্মৰ সৃষ্টি হওক মানৱতাৰ কাৰণে৷

যিয়েই স্বপ্ন দেখে বা কল্পনা কৰে তেওঁ কৰ্মত প্ৰবৃত্ত হয় আৰু শ্ৰেষ্ঠ উপহাৰ কৰে ঠিক যেনেকৈ সাগৰলৈ চায় থাকোতে sir C.V Romanৰ মনত কল্পনা হ’ল সাগৰৰ বৰণ নীলা কিয়? সেই কল্পনাৰ প্ৰশ্নৰ উত্তৰ বিচাৰোতে জন্ম হ’ল- ৰমন এফেক্টৰ৷ এলবাৰ্ট আইনষ্টাইনৰ মগজুত হাহাকাৰ সৃষ্টি কৰা বিশ্বব্ৰহ্মাণ্ডৰ গতি প্ৰকৃতিৰ সম্পৰ্কে৷ কিছু প্ৰশ্ন উদয় হৈছিল৷ সেই প্ৰশ্নৰ সমাধান বিচাৰোতে তেওঁৰ বিখ্যাত সমীকৰণ E=mc2 লাভ কৰে৷ সেই সমীকৰণৰ ভিত্তিতেই মহান বিজ্ঞানীসকলে আনবিক পদাৰ্থ ব্যৱহাৰ কৰি মানৱ জাতিৰ বাবে বিদ্যুত (Electricity) উদ্ভাৱন কৰিলে৷ এইদৰে কিমান যে মহান বিজ্ঞানীয়ে নিজৰ কল্পনা শক্তি জাগ্ৰিত কৰি গভীৰ চিন্তনৰ দ্বাৰা পৃথিৱীত নতুন নতুন বস্তু আৱিষ্কাৰ কৰি নাম ৰাখি গৈছে৷ ঠিক সেইদৰে সকলো ব্যক্তি বিশেষে যিকোনো এটা প্ৰকাৰে হ’লেও নিজৰ নাম বিৰল কৰি যাব পাৰে যদিহে সঠিক কল্পনা শক্তি জাগ্ৰিত কৰি সকলো কৰ্ম কৰিব পাৰে৷

লেখক – লক্ষীৰাম নেওগ৷

মহৎলোকে কি কয়…

“উচচ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত জীৱনব্যাপী সাধনা নহ’লে ওখ সাহিত্যৰ সৃষ্টি হোৱা টান৷”- কৃষ্ণকান্ত সন্দিকৈ৷”

“নিভাজ অসমীয়া ভাষাৰে কথা লিখিবা, নিভাজ সাজ-পাৰ পিন্ধিবা,অনাহকত বিদেশীক অনুকৰণ নকৰিবা৷”- লক্ষ্মীনাথ বেজবৰুৱা৷

“জীৱনটো এখন সংগ্ৰামৰ থলী৷ সাহস আৰু কৰ্মপটুজনেহে এই সংগ্ৰামত জয়ী হ’ব পাৰে৷”- নেপোলিয়ন

সপোন সদায় সপোন হৈ থাকিব…

“বিজয় সদায় ধৈৰ্য্য আৰু অধ্যৱসায় পক্ষত” – নেপোলিয়ন ব’নাপাৰ্ট

সমস্ত বিশ্ব ব্ৰক্ষাণ্ডত কোনো বস্তুৰ অভাৱ নাই, সৃষ্টিশীল বিশ্বত সকলো পোৱা যায়, মাথোঁ বিচাৰিব জানিলেই হ’ল৷ আমি সকলোৱে নিজ নিজ সপোনক লৈ ব্যস্ত থাকো৷ সপোন সৃষ্টি হয় আমাৰ অৱচেতন মনত, যি মনে অবিৰাম কৰ্মৰত কেৱল মাথোঁ আমাৰ আশাবোৰ পূৰাবলৈ৷ মানুহ সদায় পৰিস্থিতিৰ দাস৷ পৰিৱেশ পৰিস্থিতি গঢ়ি তুলিব লাগিব আমিবোৰে৷ যেতিয়া আমাৰ চৌপাশৰ পৰিবেশ শান্ত হয়, তেতিয়া আমাৰ মন আৰু মগজু ধীৰ- স্থিৰ হয়৷ সুস্থ পৰিৱেশ সৃষ্টি কৰিবলৈ সুস্থ মনৰ অধিকাৰী হোৱাতো প্ৰয়োজন৷ মানুহ যদি সজাগ আৰু সচেতন হয় সুখ শান্তি নিশ্চিত৷ সমাজত এনে বহু মানুহ আছে যি গোটেই জীৱনটো কেৱল সপোন পূৰণ কৰিবলৈ কষ্টকৰ জীৱন কটাই৷ কিন্তু আমাৰ সমাজত কিমান জনে নিজৰ সপোন পূৰণ কৰিব পাৰিছে৷ কাৰণ সপোনৰ শেষ নাই৷ সেয়েহে আমি আমাৰ অৱচেতন মনক নিৰ্দিষ্ট কামতহে প্ৰয়োগ কৰিব লাগে৷ যদি আমি আমাৰ অৱচেতন মনক নিয়ন্ত্ৰণ কৰাৰ কৌশলবোৰ জানো তেতিয়া আমাৰ সপোনবোৰ অতি সোনকালে পূৰণ হ’ব৷ অৱচেতন মনৰ মূল খাদ্য হ’ল সুচিন্তা, সুবিচাৰ আৰু সুপৰামৰ্শ৷ আমাৰ বিবেকক এনবোৰ খাদ্য যোগান ধৰিলে নিশ্চয় আমাৰো সপোন বাস্তৱত পৰিণত হ’ব৷ উন্নতি কৰিম বুলি ভবা মানুহ সদায় ধীৰ- স্থিৰ হ’ব লাগে৷ “গহীনালি খঙৰ বাধক”এতেকে মানুহ যদি গহীন হয় তেতিয়াই মানুহ ধীৰ-স্থিৰ হৈ যায় আৰু ধীৰ-স্থিৰ মানুহক কোনেও একো কৰিব নোৱাৰে৷ সত্যৰ সদায় জয়’ গতকে ধীৰ-স্থিৰ মানুহক সহজতে চেৰ পেলাব পৰা ব্যক্তি এই পৃথিৱীত নাই৷ সেয়েহ আমি সপোন পূৰণ কৰিব বিচাৰিলে উপৰোক্ত কিছু নিয়ম মানিব লাগিব৷ নহ’লে সপোন সদায় সপোন হৈ থাকিব৷

Constitution of India

The constitution is a set of Fundamental Principles, according to which state or other organization is governed.

The Cabinet Mission Plan (16th May, 1946), proposed a Constituent Assembly to frame the constitution for India.

The idea to have a constituent Assembly for India, for the 1st time given by MN Roy. The Constitution declares India to be a Sovereign, Socialist, Secular, Democratic and Republic for assuming its citizens of Justice, Equality and Liberty and endeavours to promote fraternity among them.

THE PREAMBLE

The preamble means introduction or preface of the Constitution or essence of the constitution. NA palkhivala, an eminent, jurist and constitutional expert, called the Preamble as the Identity card of the constitution.

The Preamble to the Indian constitution is based on the objectives Resolution drafted and moved by Pandit Nehru and adopted by the Constituent Assembly.

The idea of Justice, Social, Economic and Political have been taken from the Russian Revolution (1917)

The idea of liberty, equality and fraternity have been taken from the French Revolution (1789-1799).

Preamble as in constitution

We the people of India, having solemny resolved to constitute India into a Sovereign Socialist, Secular, Democratic Republic and secure to all its citizens.

Justice, social, economic and political.

Liberty of thought, expression, belief, faith and worship.

Equality of status and of opportunity and to promote among them all.

Fraternity assuring the dignity of the individual and the unity and integrity of the nation. In our Constituent Assembly this twenty -sixth day of November, 1949, do hereby adopt, enact and give to ourselves this Constitution.

সমালোচনা

“আনৰ দোষ-গুণ বা আনে কি কৰিলে, কি নকৰিলে তালৈ চকু নিদি নিজে কি কৰিছে বা কৰা নাই তালৈহে চকু দিয়া উচিত৷” – বুদ্ধদেৱ ৷

আজিৰ দিনত আনক সমালোচনা কৰাতো তেনে সহজ, যাৰ যি মনযায় তাকে বলকি দিয়ে,কোনো সঠিক তথ্য নোহোৱাকৈ, বিষয়-বস্তু ওপৰত জ্ঞান নোহোৱাকৈ আনৰ দোষ খুচৰিবলৈ যায়৷ সমালোচনাৰ প্ৰয়োজন আছে কিন্তু সেই সমালোচনা সদায় যোগাত্মক হোৱা উচিত, হিংসাৰ পৰা উৎপত্তি হোৱা সমালোচনাই সমাজত কেৱল বিভেদহে আনে৷ সেয়েহে আনক সমালোচনা কৰা আগতে নিজৰ দোষবোৰ চাই লোৱাটো উচিত৷

বিশেষকৈ ৰজনৈতিক নেতা- পালিনেতাই ৰাজহুৱাভাৱে যি ভাষণ দিয়ে সেই ভাষণত কেৱল বিপক্ষ দলক মাথোঁ সমালোচনাহে কৰা দেখা যায়৷ ৰাজনীতি মানে কি এটা পক্ষেই আনটো পক্ষক বিৰুদ্ধাচৰণ কৰাটোহে নেকি? নেতা হিচাপে তেওঁলোক অহংকাৰী মনৰ মানুহ৷ কাৰণ অহংকাৰী মানুহে নিজৰ দোষ সমূলি নেদেখে আৰু কোনোবাই যদি দেখাইও দিয়ে তেতিয়াও মানি ল’বলৈ কুন্ঠাবোধ কৰে৷ অহংকাৰী মানুহৰ অহংকাৰেই পৰম বিভূতি তাক অটুট ৰাখিবলৈ সি সদায় চেষ্টা কৰে৷ সেই কাৰণে অহংকাৰীয়ে নিজৰ দোষ সদায় লুকুৱাবলৈ বিচাৰি ফুৰে৷ পৰচৰ্চ্চা আৰু পৰনিন্দা অহংকাৰীৰ পৰম ঔষধ৷

পৰচৰ্চ্চা নকৰিলে অহংকাৰীৰ অহংকাৰ নৰজে৷ দম্ভ অহংকাৰ সকলোৰে অপ্ৰিয় বস্তু৷ সেই গতিকে আমি সমূহ অসমবাসীয়ে মিলিজুলি এই অহংকাৰী মনুহৰপৰা ক্ষমতা খক নাইকিয়া কৰিব লাগিব৷

জয় আই অসম”

অসমীয়া জাতীয়তাবাদ

অসমীয়া জাতীয়তাবাদ বুলিলে আমি ইয়াকে বুজি পাওঁ যে দল- মত নিৰ্বিশেষে সকলোৱে একলগ হৈ নিৰ্দিষ্ট আদৰ্শত বিশ্বাস কৰা৷ অসমত বাসকৰা সকলো সম্প্ৰদায়, সকলো ভাষিক লোক আৰু সকলো জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে একেখন মঞ্চত থিয় দিয়া৷ অসমীয়া জাতিটো সৰল আৰু উদাৰ৷ সেয়েহে ইয়াত সকলোৱে নিজ ইচ্ছা মতে বৰ আন্তৰিকতাৰে বসবাস কৰে৷ অসমীয়া জাতিটো এটা আদৰ্শ জাতি য’ত  শান্তি আৰু সমপ্ৰীতি মূল লক্ষ্য৷ দল, মত  ভাষা-সাহিত্য, ধৰ্ম, বৰ্ণ সকলোৱে এক লগ হৈ সমস্বৰে অসমী আইৰ জয় গান গায় CAA বিৰুদ্ধাচৰণ কৰি ঐতিহাসিক সন্ধিক্ষণতো যুগমীয়া কৰা উচিত৷ যাতে কোনো অপশক্তিয়ে অসম আৰু আসমীয়া শান্তি আৰু সমপ্ৰীতি বিনষ্ট কৰিব নোৱাৰে৷ ৰাষ্ট্ৰই জাপি দিব বিচৰা জাতি- ধংসী আইনখন কোনো কাৰণত আমি মানি নলওঁ৷ এই জাতি-ধংসী আইন যাতে অসমত প্ৰয়োগ কৰিব নোৱাৰে তাৰ বাবে অসমবাসী সদায় সচেতন৷ অসমীয়া জাতিৰ সৰলতা হুজুগ কোনো কাৰণত যাতে অপব্যৱহাৰ নহয়৷ অসমীয়া জাতিৰ এই সমন্বয় আৰু আই প্ৰতি থকা নিজৰ দায়িত্ব সকলোৱে জ্ঞাত৷ অসম আৰু অসমীয়া ক্ষতিকাৰক কোনো কাম কৰিবলৈ দিয়া নহ’ব৷ আমাৰ স্বাভিমান আৰু স্বজাতি সদায় অক্ষুণ্ণ থাকিব৷ আই অসমী জয় নিশ্চিত৷ জয় আই অসম৷

There is a science of getting rich.

There is a science of getting rich, and it is exact science, like algebra or arithmetic. There are certain laws which govern the process of acquiring riches, and once these laws are learned and obeyed anyone, that person will get rich mathematical certainly.

The ownership of money and property comes as a result of doing things in a certain way, and those who do things in this certain way- whether on purpose or accidentally- get rich,while those who do not do things in this certain way- no matter how hard they work or how able they are- remain poor.

It is a natural law that like causes always produce like effect, and, therefore, any man or woman who learn to do things in this certain way will infallibly get rich.

That the above statement is true is shown by the following facts:

Getting rich is not a matter of environment, for if it where, all the people in certain neighborhoods would become wealthy. The people of one city would all be rich, while those of other towns would all be poor, or all the inhabitants of one state would roll in wealth, while those of an adjoining state would be poverty.

But everywhere we see rich and poor living side by side, in the same environment, and often engaged in the same vocations. When two people are in the same locality and in the same business, one gets rich while the other remains poor,it shows that getting rich is not primarily matter of environment. Some environments may be more favorable than others, but when two people in the same business are in the same neighborhood one gets rich while the other fails. It indicates that getting rich is the result of doing things in a certain eay.

And further, the ability to do things in this certain way is not due solely to the possession of talent, for many people who have great talent remain poor, while others who have very little talent get rich.

No one is kept poor because other people have monopolized the wealth. At different periods of tide of opportunity set in different direction. There is abundance of opportunity for the person who will go with the tide, instead of trying to swim against it.

Some paragraph of “The science of getting rich.”

সুন্দৰৰ পৃথিৱীত পৰিচয় বিহীন মানৱতা ৷

“মানৱতাৰ অনুসন্ধান কৰাৰ কাৰণে আমি সকলো মিলিজুলি কামটো কৰিব লাগিব অন্যথা আমি সকলো শেষ হৈ যাম ৷”- মহাত্মা গান্ধী,

সাম্প্ৰতি সময়ত মহাত্মা গান্ধীৰ উক্ত বাক্য শাৰী বৰ প্ৰাসংগিক৷ যদি আমি জীৱ স্ৰেষ্ঠ মানুহ হিচাপে সকলো জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে এক হৈ কেৱল মাথোঁ পৃথিৱীখন আৰু অধিক মনোমহা কৰাত ব্যস্ত হওঁ,তেন্তে শান্তি হ’ব সকলোৱে কাম্য৷ আৰু মনৱতা হৈ ৰব তাৰ সাক্ষী৷ আমাৰ গণতান্ত্ৰিক ব্যৱস্থাত কেৱল যোগ্যৱান আৰু জ্ঞানীবান মানুহ নিৰ্বাচিত হ’লে জনসাধাৰণে ৰাজপথত হায়, হায় কৰিবলগীয়া কেতিয়াও নহয়৷

জ্ঞানীবান মানুহ দেৱতুল্য, যাৰ ওচৰত অহংকাৰ নাই, মই বৰ ভাবনা নাই,সকলোকে সমানে চায়, দুখীয়াৰ দুখ নিবাৰণ কৰে, বিপথে যোৱাজনক সৎ পথে আনে৷ জ্ঞানীৱান মানুহে কেতিয়াও কাৰো অন্তৰত দুখ দিব নিবিছাৰে৷
আৰু
যোগ্যৱান ব্যক্তি বা নাৰী সকলো দিশতই আগবঢ়া হয়৷
যোগ্যৱান ব্যক্তি বিশেষে সকলো দিশতেই ভাল হৈ থকাৰ চেষ্টাত থাকে৷ তেওঁ কেৱল কৰ্মত যোগ্যতা অৰ্জন কৰিবলৈ চায়৷

সেই গতিকে গণতান্ত্ৰিক শাসন ব্যৱস্থাত উপযুক্ত প্ৰাৰ্থীকহে জয় যুক্ত কৰিব লাগে৷ আমি সকলোৱে দল মত নিৰ্বিশেষে কেৱল মাথোঁ উপযুক্তজনক বিচাৰি নিজৰ বহুমূলীয়া ভোট প্ৰদান কৰিব লাগে৷

মানৱতাৰ অনুসন্ধান তেতিয়াহে সফল হ’ব যেতিয়া উপযুক্ত জনে শাসনৰ দায়িত্ব পাব৷

Getting Rich…

There are much many ways to getting rich by honest. Except few one people like to take earned money by illegal method. In this universe there are plenty of source to getting rich though honest and dignity. But only need some knowledge of do things in a certain way. The ownership of money and property comes as a result of doing things in a certain, and those who do things in this certain way- whether on purpose or accidentally- get rich, while those who do not do things in this certain way- no- matter how hard they work or how able they are – remain poor.

Getting rich is not the result of saving or thrift. So it’s a humble request to all be honest while you excited to getting rich. Have a good luck to all entrepreneur who want to get rich.

Design a site like this with WordPress.com
Get started